Dipali khataniar
health and social
30/09/2026
অপ্ৰিয় হলেও বাস্তৱ সত্য
++++±++++++++++++++
অপ্ৰিয় হলেও বাস্তৱ সত্য কথাই কৈছে নিতুমণি শইকীয়াই। শুনিবলৈ বেয়া লাগিলেও কথা বিলাক একেবাৰেই সঁচা কথা। শৰণ ভোজন নোলোৱা মানুহৰ হাতেৰে ভকত সকলে একো খাদ্য গ্ৰহণ নকৰে অথচ হোটেলত পৰা কিনি অনা ৰস গোল্লা, লালমোহন কিন্তু তেওঁলোকে ঠিকেই খায়।
এই যে ৰস গোল্লা, লালমোহন বনোৱা মানুহ বিলাক কিন্তু বেছি ভাগেই অসমীয়া মানুহ নহয়। তেওঁলোক শৰণ ভোজন লোৱা মানুহো নহয়। ইয়াৰ পিছতো তেওঁলোকে কি যুক্তিত ৰস গোল্লা লালমোহন টোপাটোপে গিলে ? ভাবিবলগীয়া কথা । ভাত,তেল, মচলাত চুৱা থাকে ৰস গোল্লা, লালমোহনত নাথাকে। তৰ্ক নহয় যুক্তিৰে কথা বোৰ ক'ব দেই।
নিতুমণিশইকীয়াই শুনিবলৈ অপ্ৰিয় হলেও বহু সঁচা কথা কৈছে সেয়া হৈছে পাঠেকীয়ে নামঘৰলৈ অনা ১০ লিটাৰ তেলৰ বটল কেইটাৰ পৰা এক লিটাৰ তেলৰ বটল এটা যেতিয়া কোনেও গম নোপোৱাকৈ লৈ যায় তেতিয়া কেনেকুৱা লাগিব বাৰু ?
নামঘৰত ভক্তবৃন্দই আগবঢ়োৱা শৰাই পৰা যেতিয়া আম আপেল কল লুকুৱাই থৈ দিয়ে আৰু যাবৰ সময়ত মোনা ভৰাই লৈ যায় তেতিয়া কি বুলি ক'ব আপোনালোকে ?
চাহ খাবলৈ অনা মিঠাইৰ টোপোলা বিলাকৰ পৰা যদি দুই এটা টোপোলা লুকুৱাই থৈ দিয়ে তেতিয়া কি ভাবিব ? বহু প্ৰশ্ন- অকল নামঘৰত নহয় বহু মন্দিৰটো চলে এই বিলাক কাৰবাৰ। এই বিলাক কাম আচলতে কৰিব নালাগে। বৰ বেয়া লাগে।
মহাপুৰুষ জনাই নাম ঘৰ প্ৰতিস্থিত কৰিছিল আমাক মনুষ্যটো শিকাবৰ বাবে প্ৰমূল্যবোধ শিকাবৰ বাবে আদৰ্শ শিকাবৰ বাবে আৰু মানুহক মানুহ কৰিবলৈ বুলিহে। কিন্তু নাম ঘৰ বা মন্দিৰলৈ যোৱা বহু মানু্হৰ মন বোৰ বৰ লোভীয়া।
আচলতে গুৰু জনাই শৰণ - ভোজনৰ অৰ্থ জাত পাত বুলি কোৱা নাছিল। মনটো শুদ্ধ কৰা, আচৰণ শুদ্ধ কৰা । এক ঈশ্বৰক বিশ্বাস কৰাহে আচল ধৰ্ম।
ভাতৰ পাততহে ধৰ্ম থাকে বুলি ভবা সকলে আচল
ধৰ্মৰ অৰ্থই বুজা নাই। মনৰ পবিত্ৰতাইহে আচল ধৰ্ম।
#ধৰ্ম
#ভগৱান
#প্ৰাৰ্থনা
#ভকত
#ভক্ত
29/09/2026
অবাধ স্বাধীনতা
+++++++±+++++
দীপালী খাটনিয়াৰ
তাই মৰিছে ভালেই হৈছে। সমাজৰ পৰা এটা আৱৰ্জনা শেষ হ'ল বুলি এটা মন্তব্য কৰিছিলোঁ মই ফেচবুকত । সেই মন্তব্যটো পঢ়ি মোৰ অতি চিনাকি বাইদেউ এজনীয়ে লিখিছিল দীপালী মই তোমাৰ পৰা এনেকুৱা মন্তব্য এটা আশা কৰা নাছিলোঁ দেই ।
আশা নকৰাটো স্বাভাৱিক। কাৰণ ময়ো এগৰাগী নাৰী । নাৰীয়ে নাৰীৰ দুখ বুজি পাব লাগে। সাধাৰণতে এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ অস্বাভাৱিক মৃত্যুত দুখ প্ৰকাশ কৰিব লাগে। কিন্তু মই সেই কামটো কৰা নাই। মানে মই দুখ প্ৰকাশ কৰা নাই। আৰু নকৰোঁ । আকৌ কৈছোঁ ভালেই পাইছোঁ নিমিষাৰ মৃত্যুত ।
এই কথা খিনি মই আচলতে সুখত লিখা নাই দুখত লিখিছোঁ। কাৰণ ময়ো এগৰাকী মাক। বুজি পাওঁ সন্তান হেৰুওৱাৰ বেদনা কিমান। সন্তানে কৰা অপকৰ্মৰ দুখ কিমান । সমাজৰ বহু মানুহে কৰা বেয়া মন্তব্য বিলাকে কেনেদৰে তেওঁলোকৰ হৃদয়ত আঘাত কৰে সেয়াও মই ভালদৰে বুজি পাওঁ। ইয়াৰ পিছতো মোৰ নিমিষাৰ মৃত্যুত অকণো দুখ ল'গা নাই। নাৰী হিচাবে মই আৱেগিকো হৈ পৰা নাই । নপৰো ।
কাৰণ মোৰ হৃদয়ত অতি আধুনিকতাৰ স্থান নাই। তাইৰ মৃত্যুৰ কাৰণ তাই নিজেই। উশৃংখল ল'ৰা ছোৱালীৰ পৰিণতি এনেকুৱাই হ'ব। যিজনী ছোৱালীয়ে মাক দেউতাকক ইমান দিনে ফাঁকি দি আহিছিল। সমাজ এখনৰ নীতি নিয়ম নামানি অবাটে গতি কৰিছিল। সেই ছোৱালী জনীৰ মৃত্যুত মই কিয় দুখ কৰিম।
বৰ্তমান সময়ত ব্যক্তিগত স্বাধীনতাৰ নামত বহু ল'ৰা ছোৱালীয়ে যি মন যায় তাকেই কৰে। সমাজৰ নীতি নিয়ম, ঘৰৰ শাসন, ডাঙৰৰ উপদেশ একো নামানে। স্বাধীনতাৰ নামত য'তে ত'তে ৰাগীয়াল বস্তু - মদ ভাং বিড়ি চিগাৰেট ড্ৰাগছ আদি সেৱন কৰে। নিশা গভীৰলৈকে হোটেল, বাৰ ,ৰেষ্টুৰেণ্টত কটায়। বান্ধৱীৰ লগত থাকিম বুলি মিছা কথা কৈ হোমষ্টেত ল'ৰা বন্ধুৰ লগত নিশা উদযাপন কৰে । এই বিলাক স্বাধীনতাৰ নমুনা নহয়। স্বাধীনতাৰ নামত স্বেচ্ছাৰিতাহে।
স্বাধীনতাৰো এটা সীমা আছে। সীমাৰ ভিতৰত থকা স্বাধীনতাইহে মানু্হক মহান কৰে । সীমা পাৰ হ'লে সেয়া স্বাধীনতা নহয়। উশৃংখলতাহে হয়। স্বাধীনতা মানে সমাজৰ নিয়ম নমনা নহয়। স্বাধীনতা মানে উশৃংখলতা নহয়। বহু ল'ৰা ছোৱালীয়ে স্বাধীনতাৰ প্ৰকৃত অৰ্থ বুজি নাপায়। স্বাধীনতা হ'ল নিজৰ জীৱন নিজে গঢ়া, নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিয়া , ভাল বেয়া বিবেচনা কৰিব পৰা শক্তি ।
স্বাধীনতাৰ নামত ভুল সিদ্ধান্ত এটাই গোটেই জীৱনটো শেষ কৰি দিব পাৰে। যি স্বাধীনতাই লাহে লাহে শৰীৰ , চৰিত্ৰ আৰু ভৱিষ্যতৰ পৰা আঁতৰাই লৈ যায় সেইটো স্বাধীনতা নহয়। সেইটো জীৱন ধ্বংস কৰা ৰাস্তাহে।
স্বাধীনতাৰ নামত ল'ৰা ছোৱালীক অবাধ স্বাধীনতা দিয়া মাক - বাপেক বিলাকো সমানেই দায়ী। আজিকালি বহু মাক দেউতাকে আধুনিক হ'বলৈ গৈ সন্তানক চকু মুদি সকলো কথাতে সন্মতি দিয়ে। ল'ৰা ছোৱালী কলৈ গৈছে, কাৰ লগত গৈছে , নিশা কিয় ঘৰ সোমোৱা নাই একো নোসোধে।
প্ৰয়োজনতকৈ বেছি টকা, দামী মোবাইল , বাইক আদি দি ভাবে বহুত মৰম কৰিছে । কিন্তু তেওঁলোকে বুজি নাপায় যে এইটো মৰম নহয়। সন্তানক সময় নিদি, শাসন নকৰি এৰি দিয়াটোৱেই আটাইতকৈ ডাঙৰ ভুল। ল'ৰা ছোৱালী বেয়া হোৱাৰ আগত মাক দেউতাক সচেতন হ'ব লাগে। নহলে শেষত কান্দি একো লাভ নাই।
নিমিষাৰ মাক দেউতাকে নিমিষাক যদি অলপ গুৰুত্ব দিলেহেঁতেন তেন্তে এনেকুৱা ঘটনা এটা নঘটিলহেঁতেন। অকল নিমিষাৰ ক্ষেত্ৰত নহয় বহু ঘটনাৰ ক্ষেত্ৰতে এয়াই হয়। গুৰুত্ব দিয়া মানে বন্দী কৰি ৰখা নহয়। মৰমেৰে বুজোৱা বন্ধু বান্ধৱীৰ দৰে কথা পতা । ভাল বেয়াৰ পাৰ্থক্য শিকাই দিয়া। অলপ সচেতন হ'লেই এটা জীৱন বেয়া পথৰ পৰা ঘূৰাই আনিব পাৰি। গতিকে অভিভাবক সকল সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগে।
নিমিষাৰ হত্যা কাণ্ডক মই লাভ জেহাদ বুলি কেতিয়াওঁ নকও। কাৰণ আশিক আৰু নিমিষাৰ প্ৰেমৰ সম্পৰ্ক বহু দিনৰ বুলি শুনিছোঁ। তেওঁলোকৰ বহু ফটো সামাজিক মাধ্যমত দেখিলোঁ। আশিকৰ মাক দেউতাকৰ মূখেৰে শুনিলোঁ । লগতে যিবিলাক দোকানৰ পৰা তেওঁলোকে চিগাৰেট চিপচ চকলেট কিনিছিল সেই দোকানী বিলাকেও বহু কথা ৰাইজক জানিবলৈ দিলে । হোমষ্টেত হেনো এদিন দুদিন নহয় বহুদিন আছিল। ইয়াৰ পিছত ধৰ্মৰ ভিত্তিত মই লাভ জেহাদ বুলি কেতিয়াওঁ মানি ল'ব নোৱাৰোঁ।
বৰ্তমান সময়ত প্ৰেম ভাল পোৱা সৰগীয় হৈ থকা নাই। য'ত স্বাৰ্থ আছে তাত প্ৰেম সৰগীয় হৈ নাথাকে। বৰ্তমানৰ প্ৰেম কামনা - বাসনাৰ প্রেম। প্ৰায়োজন শেষ হ'লে সকলো শেষ। এনে প্ৰেমত পৱিত্ৰতা নাথাকে। দায়িত্বও নাথাকে। থাকে মাথোঁ কামনা। আৰু কামনাৰ প্ৰেম কোনো দিন জীয়াই নাথাকে। গতিকে নিমিষাৰ মৃত্যুত মোৰ অকণো দুখ লগা নাই। এনেদৰে অবাধ স্বাধীনতা দিলে বহু নিমিষাৰ মৃত্যু হ'ব । বহু আশিকৰ জন্ম হ'ব।
#অবাধ
#স্বাধীনতা
#প্ৰেম
#ভালপোৱা
#বিশ্বাস
জুবিন বলিয়া আমি বোৰে জুবিন জীয়াই থাকোঁতে কিয় বাৰু মানুহ জনক গুৰুত্ব নিদিলোঁ। তেওঁৰটো শুভাকাংক্ষীৰ অভাব নাছিল । তেওঁৰ স্বাস্থ্যৰ যত্ন মনৰ যত্নৰ ওপৰত কিয় গুৰুত্ব দিয়া নহল? তেওঁ আত্মীয় স্বজন বন্ধু বান্ধৱীৰ পৰা সঁচা মৰম নাপালে নেকি? যাৰ বাবে তেওঁ অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল? এয়া মোৰ মনৰ উদয় হোৱা হেজৰ প্ৰশ্ন। উত্তৰ অপোনালোকৰ পৰা বিচাৰিলোঁ।
13/09/2026
ভাল লগা অতীত
প্ৰথম বাৰৰ বাবে চুগাৰ ডেডী শব্দটো শুনিবলৈ পালোঁ। ইয়াৰ অৰ্থও এজন সাংবাদিক বন্ধুয়ে ফেচবুকত বৰ ধুনীয়াকৈ বুজাই দিলে। পিছে এই অৰ্থহীন সমাজ ধ্বংস কৰা শব্দ বিলাক কলিতে বিনাশ কৰিব লাগে।
ব্যস্ত জীৱন
05/09/2026
চান ডুবিত
02/09/2026
আমাৰ মৰম বোৰ ইয়াতেই সাঁচি ৰাখিলোঁ
30/08/2026
এনেদৰেই সময় বিলাক পাৰ হৈ গৈ থাকে।
Alerts
Be the first to know and let us send you an email when Dipali khataniar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Subscribe
We will notify you when anything happens in Bongaigaon.