Yoga Therapy Assam
Video creator
#অসমীয়া যোগ আসন ব্যায়াম আৰু স্বাস্থ্যসন্মত ঘৰুৱা দিহা।
05/10/2022
#অসমীয়া শিশুৰ যোগ আসন ব্যায়াম। ভাল লাগিলে Like কৰিব।
।। শৰীৰমাদ্যং খলু ধৰ্মসাধনম ।।
আমাৰ ছাত্ৰ - ছাত্ৰী সকল হৈছে সমাজ আৰু দেশ গঢ়াৰ মূল ভেটি স্বৰূপ। তেওঁলোক পিতৃ - মাতৃ বা অভিভাৱক, শিক্ষক - শিক্ষয়িত্ৰী আৰু সমাজৰ সকলোৰে আশা - ভৰসাৰ মূল। ছাত্ৰ -ছাত্ৰী সকলৰ সদগুনৰ প্ৰতিফলনে আমাৰ সমাজ আৰু দেশৰ উজ্বল ভৱিষ্যত ৰচনা কৰে। ছাত্ৰ -ছাত্ৰী সকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতি সাধনৰ ওপৰতেই গুৰুত্ব আৰোপ কৰি যিহেতু স্বাধীন ভাৰতৰ শিক্ষাব্যৱস্থাতোৰ পৰিকল্পনা কৰা হৈছিল, গতিকে ছাত্ৰ বয়সৰ পৰাই তেওঁলোকৰ সকলো প্ৰকাৰৰ মঙ্গল কামনা কৰাটো আমাৰ প্ৰত্যেকৰে এক প্ৰধান দায়িত্ব। এই ক্ষেত্ৰত মহাত্মা গান্ধী, মহৰ্ষি অৰবিন্দ আদি যোগী সকলৰ মন্তব্য সম্পূৰ্ণ গ্ৰহণ যোগ্য বুলি বিবেচিত হৈ আহিছে।
"শৰীৰমাদ্যং খলু ধৰ্মসাধনম" শ্লোকটোৰ সাধাৰণ অৰ্থ বিশ্লেষণ কৰিলে বুজাযায় যে যিকোনো ধৰ্মৰ সাধনা কৰিবলৈ শৰীৰটো হ'ল আদিমূল। অৰ্থাৎ শৰীৰটো শুদ্ধ আৰু সুস্থ ৰাখিব লাগিব। কিন্তু যোগ শাস্ত্ৰ সমুহৰ অলপ গভীৰলৈ গলেই বুজা যায় যে, ইয়াত ধৰ্ম শব্দৰ দ্বাৰা কোনো নিৰ্দিষ্ট ধাৰ্মিক সম্প্ৰদায়ৰ পদ্ধতিগত নিতি - নিয়ম সমূহক নুবুজায়, বৰং সৎকৰ্ম, কৰ্মৰ নিবৃত্তি বা চিত্তৰ নিবৃত্তি, অহিংসা, প্ৰৰোপকাৰ বা মানৱ কল্যাণ আদিৰ দৰে শ্ৰেষ্ঠ মানৱতাবোধৰ লগত জড়িত শব্দ সমুহ হে ধৰ্মৰ অৰ্থ ৰূপে প্ৰতিপন্ন হৈ আহিছে। আকৌ 'শৰীৰম' শব্দৰ দ্বাৰাও অকল স্থূল শৰীৰটোক নুবুজায়, বৰং ই শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বা সম্পূৰ্ণ ব্যক্তি সত্ত্বাটোক বুজায় (যোগৰ পঞ্চকোষ বিভাজন নীতি অনুসৰি)। অৰ্থাৎ যোগৰ ওপৰোক্ত শ্লোকটোৰ দ্বাৰা সহজতে বুজিব পাৰি যে, আমি আমাৰ সম্পূৰ্ণ শৰীৰ টোক (দৈহিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক ভাবে) শুদ্ধ আৰু সুস্থ ৰাখিলেহে ধৰ্মৰ সাধনা (সততা, অহিংসা, কৰ্ম, মানৱ প্ৰেম, ত্যাগ, সাহসীকতা,............... আদিৰ দ্বাৰা) সফল হ'ব।
এনেদৰে ধাৰ্মিক ব্যক্তি সকলৰ দ্বাৰা গঢ়লৈউঠা এখন নতুন পৃথিৱীৰ ৰঙীন সপোন প্ৰায়েই দেখা যায়।🤔🤔🤔
তাৰেই প্ৰতিফলন হয়তো.................
আগলৈ......
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Guwahati
Guwahati
781011
