Z News
Only Media Perpose
17/10/2026
হাউলী গাঁও নিবাসী হৰেকৃষ্ণ নাথৰ আজি আবেলি আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে তেখেত হাউলী সাৰ্বজনীন শিৱ মন্দিৰ সমিতিৰ সক্ৰিয় সদস্য।
👉👉দেৰগাঁও সমষ্টিৰ বিধায়ক ড°মৃদুল কুমাৰ দত্তই দেৰগাঁও সমষ্টিৰ লগতে সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে এনেদৰে…
👉শিৱসাগৰৰ ঐতিহাসিক দেৱী দ'লত ২৯৩সংখ্যক দুৰ্গা পূজা
👉শিৱসাগৰতো দেৱী বন্দনা
📌সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো দেৱী বন্দনা । আজি সপ্তমী আৰু সপ্তমীৰ দিনটোত ঐতিহাসিক দেৱী দলত দেখা গল ভক্তৰ ভিৰ । শিৱসাগৰৰ ঐতিহাসিক দেৱী দ'লত ২৯৩সংখ্যক দুৰ্গা পূজাৰ বৃহৎ আয়োজন । ১৭৩৪খ্ৰীষ্টাব্দত ৰাণী অম্বিকাৰ দ্বাৰা নিৰ্মিত তিনিটা দলৰ ভিতৰত অন্যতম ঐতিহাসিক দেৱী দলৰ দুৰ্গা পূজাই ২৯৩বছৰ অতিক্ৰম কৰিলে । শক্তি পূজাত বিশ্বাসী অগণন ভক্তই সপ্তমীৰ দিনটোত দেৱী দলত দেৱীৰ চৰণত বলি আগবঢ়ায় । আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে দেৱী দলত দুৰ্গতিনাশিনীৰ চৰণত আশীষ গ্ৰহণ কৰাও পৰিলক্ষিত হয় ।
16/10/2026
Wishing the 'Master Blaster' of the Tendulkar family, Anjali Tendulkar, a very Happy Birthday!
�
📌New cinema hall inaugurated
📌অৱশেষত অপেক্ষাৰ অন্ত পৰিল ।দেৰগাঁৱত আজি মুকলি হ'ল নতুন চিনেমা হল "মায়াবিনী টকিজ"
📌আজি দুৰ্গোৎসৱৰ ষষ্ঠী পূজাৰ দিনাই দেৰগাঁৱত মুকলি হ'ল বহু প্ৰত্যাশিত চিত্ৰগৃহ 'মায়াবিনী টকিজ।
📌ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ অংকিত প্ৰতিচ্ছবিৰে বহু মহলীয়া হাউচ কমপ্লেক্স সাজু হৈ উঠিছে।
📌চিত্ৰগৃহটো আনুষ্ঠানিক ভাবে মুকলি কৰে নৃত্যাচাৰ্য্য পদ্মভূষণ যতীন গোস্বামীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে মিতালি গোস্বামীয়ে।
📌এই চিত্ৰগৃহক লৈ অধিক আশাবাদী স্বত্বাধিকাৰ বিশিষ্ট দন্ত চিকিৎসক তথা সাংস্কৃতিককৰ্মী ডা° মঞ্জিল গোস্বামীৰ লগতে আন এজন সহযোগী ৰাজীৱ কুমাৰ দত্ত।
📌হলটো মুকলিৰ দিনাই আনন্দিত হৈ পৰিছে দেৰগাঁৱৰ চলচ্চিত্ৰ প্ৰেমী সকল। আজি উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ বিধায়ক ড°মৃদুল কুমাৰ দত্ত,দেৰগাঁও পৌৰসভাৰ পৌৰপতি মধুমিতা বৰা,মানস বৰবৰা,সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী,প্ৰবীণ অনাতাঁৰ শিল্পীদ্বয় গিৰিশ মহন্ত আৰু মীৰা মহন্ত, লোহিত ডেকা,সাংস্কৃতিককৰ্মী শশাংক সমীৰ,চিকিৎসক ডা°গুণোত্তম বৰা,ডা°মনোজ হাজৰিকা আদি গণ্যমান্য ব্যক্তি সকল।
⭕শিৱসাগৰত আইন শৃংখলাৰ ব্যাপক অৱনতি ।
⭕হোটেলৰ কৰ্মচাৰীয়ে দিন দুপৰতে আক্ৰমণৰ লক্ষ্য কৰে ললে এগৰাকী দৰিদ্ৰ লোকক ।
⭕এজন যুৱকক দৰিদ্ৰজনে কিবা খুৱাবলৈ কোৱাৰ বাবেই এই দখা ।
⭕এগৰাকী সচেতন যুৱকে জবাবদিহি কৰে হোটেলৰ কৰ্মচাৰীজনক ।
⭕শিৱসাগৰ মৌচাক হোটেলৰ ঘটনা এয়া ।
⭕গোপন কেমেৰাত আবদ্ধ হৈছে চোকা অস্ত্ৰ লৈ ত্ৰাস চলোৱা দৃশ্য ।
Assam BJYM State President Rakesh Das could not be identified by the Assam Police.
📌Girl won Silver medal in under 17 Boxing.
📌দেৰগাঁৱৰ স্পৰ্শা দিক্ষিতা পৰাশৰৰ সফলতা ।
👉ৰাজস্থানৰ জয়পুৰত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ দ্বাৰা অনুষ্ঠিত ৩৭ তম বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১৭ বছৰ অনুৰ্ধ ৪৪ কেজিৰ পৰা ৪৬ কেজি শাখাত ৰূপৰ পদক লাভ কৰি সমগ্ৰ দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে।
👉স্পৰ্শা দিক্ষিতাৰ এই সফলতাত উৎফুল্লিত হয় সমগ্ৰ দেৰগাঁও বাসী।
👉স্পৰ্শা দিক্ষিতা দেৰগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ৰাজমোহন শৰ্মা আৰু মিনাক্ষী গোস্বামীৰ একমাত্ৰ কন্যা। দেৰগাঁও শংকৰদেৱ শিশু নিকেতনত একাদশ শ্ৰেণীত অধ্যয়নৰত স্পৰ্শাই ভৱিষ্যতে এগৰাকী সুদক্ষ বক্সাৰ হোৱা সপোন পুহি ৰাখিছে।
📌ঐতিহাসিক শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি আহিছে এচিয়া খ্যাত শিৱদৌল, দেবীদৌল আৰু বিষ্ণু দৌলে
📌২৯২বছৰে ধৰ্মীয় বিশ্বাস আৰু আস্থাৰ প্ৰতীক ৰূপে চিহ্নিত দৌল আৰু দেৱালয়
👉ঐতিহাসিক শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি আহিছে এচিয়া খ্যাত শিৱদৌল, দেবীদৌল আৰু বিষ্ণু দৌলে । প্ৰায় ২৯২বছৰে ধৰ্মীয় বিশ্বাস আৰু আস্থাৰ প্ৰতীক ৰূপে চিহ্নিত হৈ আহিছে শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌল । ধৰ্মীয় পৰম্পৰাৰ লগতে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন দাঙি ধৰি আহিছে শিৱসাগৰৰ এই ঐতিহ্যমণ্ডিত দেৱীদৌলৰ দুৰ্গাপূজাই। হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধনাস্থলী এই দৌলৰ দুৰ্গাপূজাত মুছলমান দৌল্লা পৰিয়াললৈ পূজাৰ প্ৰসাদৰ ভাগ আগবঢ়োৱাৰ পৰম্পৰাই দুই ধৰ্মৰ মাজত সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে । এই পূজা ভাগীতে কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়াললৈ ও অনুৰূপ পূজাৰ প্ৰসাদ প্ৰদান কৰা হয় । উল্লেখ্য যে, ১৬৫৫শকত স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকাদেৱীয়ে দুৰ্গা দেৱীৰ পূজাৰ বাবে এই দেৱীদৌল নিৰ্মাণ কৰাইছিল । দৌলৰ গৰ্ভগৃহত থকা শতিকা পুৰণি প্ৰতিমাৰ লগতে দুৰ্গাপূজাৰ সময়ত মৃন্ময় প্ৰতিমা স্থাপন কৰি বৈদিক পৰম্পৰাৰে পূজা-অৰ্চনা কৰা হয় । পূৰ্বতে দেৱীদৌলত মহ বলি দিয়াৰ পৰম্পৰা আছিল যদিও বৰ্তমান বৰবলিৰ দিনা ভক্তসকলে আগবঢ়োৱা ছাগলী, হাঁহ আদি বলি দিয়া হয় । জাগ্ৰত দেৱীদৌলৰূপে পৰিচিত এই পীঠস্থানত দুৰ্গাপূজাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও বহু ভক্তই পূজা আগবঢ়াবলৈ আহে । দৌল প্ৰতিষ্ঠাৰ সময়ৰে পৰাই দৌলা পৰিয়ালৰ পূৰ্বপুৰুষসকলে দেৱীদৌলত নেগেৰা বজাই আহিছিল । সেই সূত্ৰে তেতিয়াৰ পৰাই পৰিয়ালটোক দুৰ্গাপূজাৰ নৈবেদ্যৰ এক অংশ আগবঢ়োৱা হৈছিল । পৰৱৰ্তী সময়ত দৌলত নেগেৰা বজোৱাৰ পৰম্পৰা বিলুপ্ত হ’লেও দৌলা পৰিয়াললৈ পূজাৰ প্ৰসাদৰ ভাগ আগবঢ়োৱাৰ পৰম্পৰা আজিও অব্যাহত আছে । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এই ঐতিহাসিক পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো দেৱীদৌলত দুৰ্গাপূজাৰ ব্যাপক আয়োজন চলিছে । পূজাৰ নীতি-নিয়ম আৰু পৰম্পৰা অনুসৰি সপ্তমী, মহাষ্টমী আৰু দশমীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।
Website
Address
Gauhati
781003
Alerts
Be the first to know and let us send you an email when Z News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
