Bikram das

Bikram das

Share

দুজনা গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত অসমীয়া লৰা। 🙏
কৃষ্ণচূড়া নামতি দল মৰিগাঁও( নভেটি)

12/09/2025

ভকতে বেদৰ প্ৰবৃত্তি মূলক কৰ্ম কেতিয়াও নকৰে, কৰিলে ভকতৰ ভকতি ভ্ৰষ্ট হয়। প্ৰবৃত্তি পথক বেদে বাৰণ কৰা কথা ভগৱানে নিজে কৈছে ভক্তি ৰত্নাকৰত
বোলন্ত শুনিলা যিটো প্ৰবৃত্তি পথক তুমি
বেদে তাক নিবাৰ কৰয়
অনৰ্থৰ হেতু মায়া কেৱলে প্ৰবৃত্তি পথ
কলো শুনিয়োক মহাশয়।।

মাধৱদেৱ প্ৰথমতে প্ৰবৃত্তি পন্থী বা শাক্ত ধৰ্মীয় আছিল। ভাগৱতৰ সিদ্ধান্ত মৰ্মে শংকৰদেৱ গুৰুজনাৰ ওচৰত পৰাস্ত হৈ নিবৃত্তি মাৰ্গক বাচি ললে।( গুৰু চৰিত্ৰত) পোৱা যায়। হৰিক পূজিলে সকলো সিদ্ধি হয়। ভগৱানে নিজে বৈকুণ্ঠত যোৱা আগত উদ্ধৱ মহন্তৰ আগত কৈছে
একাদশ স্কন্ধত চাব--

নকৰিবা সেৱা সখি আন দেৱতাক
নুহি জানা ভকতি আমাৰ ব্যতিৰেক
আন দেৱ নৰাধে নকৰে স্বৰ্গকাম
নেৰে মূখে সুখে দুখে মোৰ গুণনাম
এতেকে নোচোৱে পাপ পূণ্য কলেৱৰ
পৰম মুকুত মাত্র হোৱে সিটো নৰ।।
ইশ্বৰক নভজি আন দেৱতাক উপাসনাৰ ফল ৰত্নাৱলীত কৈছে

ভকতি মুকুতি পদ দাতা মই দেৱ।
স্বতন্ত্র ইশ্বৰ মোত পৰে নাহি কেৱ।।
এইহেন মোক তেজি আনক ভজয়।
নূগুচে তাহাৰ মোৰ সংসাৰৰ ভয়।।
ভগৱান কৃষ্ণক এৰি যি আন দেৱতাক ভজনা কৰে সি অন্ধ আৰু অমৃত এৰি বিহ খোৱাৰ দৰে হয়। মূখেৰে কপট ভাৱে ইশ্বৰত শৰণলৈ পুত্র দ্বাৰা ঐশ্বৰ্যৰ অৰ্থে ধন, জনৰ বাবে আন দেৱতাক উপাসনা কৰা জনো ব্যভিচাৰী, তেঁওৰ প্ৰতি ইশ্বৰ সন্তুষ্ট নহয় বুলি নাম ঘোষাত উল্লেখ কৰিছে।
বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱতাক ভজয়।
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয়।।


শ্ৰাদ্ধাদিৰ যোগে পূজা কৰা জনক হৰি শৰণীয়া, বৈষ্ণব, ভকত, গুৰু একো হব নোৱাৰে, তেওঁ ইশ্বৰৰ দ্ৰোহী। আন দেৱতাক উপাসনা কৰা সকলক ভাগৱতে নিন্দা কৰিছে। শ্ৰীকৃষ্ণই উদ্ধৱ মহন্তৰ আগত কৈছে----একাদশত
এতেকে উদ্ধৱ তুমি ছাড়া বেদ পন্থ।
যিবা জানা শুনা মানে এৰা আন গ্ৰন্থ।।
বেদে যেন কৰে তাক শুনা প্ৰাণসখি।
মায়াময় দেৱ ধৰ্ম সবাকে উপেক্ষি।।
মই বিনে বেদে কিছু আন নবখানে।
চাৰিও বেদৰ তত্ত্ব অৰ্থ এহিমানে।।
বেদ শাস্ত্ৰৰ মত নিবিচাৰি পূৰ্ব পুৰুষ সকলে কৰা কামকে কৰি থকা সকলৰ প্ৰতি ঈশ্বৰে কৈছে একাদশ স্কন্ধত
কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ।
কৰে ধৰ্ম কৰ্ম পূর্ব পুৰুষ আচাৰ।।
মইসে ইশ্বৰ মোক নকৰিবে সেৱ।
হংস চাগ পাৰ কাটি পূজা অন্য দেৱ।।
জানিবাহা সি সিজন ৰাক্ষস অসুৰ।
হিয়াত থাকন্তে মই তাহাৰ বিদুৰ।।
নৰকৰ পৰা তাক নেদে উঠিবাক।
মই কাল ৰূপে জানা মেঢ়াই ধৰোক।।

12/09/2025

মহা পুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত তেৰালৈ শত সহস্র ভক্তিভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ🙏 জয় গুৰু মাধৱদেৱ

শংকৰ মাধৱ অভেদ্য ইশ্বৰ
গুৰু নাহি দুই পৰে।
দোহান নামক কীৰ্তন কৰিয়া
কৃত কৃত হোৱে নৰ।।
#গুৰু
গুৰু মানে জ্ঞান দাতা। গু শব্দে অন্ধকাৰ, ৰু শব্দে জ্যোতি বা পোহৰ। হৃদয়ৰ ভ্ৰম অন্ধকাৰ দূৰ কৰি জ্ঞান প্ৰদীপেৰে অন্তৰ পোহৰাই দিব পৰা জনকে গুৰু বোলে। ব্ৰহ্মা, বিষ্ণু, মহেশ অৰ্থাৎ সত, ৰজ, তম---এই তিনিও গুৰুতে প্ৰকাশ পাই ইশ্বৰতুল্য হয়।
গুৰু গীতাত কৈছে---

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ
চৰাচৰ জগতৰ গুৰুসে ইশ্বৰ।।

সেই গুৰুৰ ভাৱ ৩ টা আছে যেনে (ক) দয়া ভাৱে ব্ৰহ্ম।
(খ) শুদ্ধ ভাৱে বিষ্ণু।
(গ) বহ্নি ভাৱে ৰুদ্ৰ।
গুৰুৱে দয়াভাৱে শিষ্যক জ্ঞানেৰে সজাই দেহক ব্ৰহ্মময় কৰি নতুন দেহ সৃষ্টি কৰে সেইবাবে গুৰু ব্ৰহ্মা। গুৰুৱে শুদ্ধ ভাৱে পবিত্র পাপাত্মাক শৰীৰক শৰণ, ভজন, ভক্তি, সদ উপদেশে শিষ্যৰ দেহ পবিত্র কৰি ইহকাল পৰকাল দুয়োতে সদগতিৰ পাত্ৰ কৰিব পৰা থকাত গুৰুৱে বিষ্ণু। গুৰুৱে বহ্নি ভাৱে ব্ৰহ্ম জ্ঞানৰ প্ৰভাৱত দেহৰ পাপ ৰুপী মলক ভষ্ম কৰি শৰীৰক শুদ্ধ সুৱৰ্ণময় কৰিব পাৰে, গতিকে গুৰু বহ্নিৰুপা মহেশ্বৰ। গুৰুক আমি প্ৰথমতে আদি গুৰু ৰূপে পিতৃ-মাতৃক পাও তাৰ পাছত শিক্ষা গুৰু সকলক পাও, তাৰ পাছতহে ইহকালৰ পৰা পৰকাললৈ যাবলৈ ব্ৰহ্ম জ্ঞানৰ বাবে দীক্ষা গুৰু পাও। গুৰুক ইশ্বৰ ভাৱি গুৰু মন্ত্ৰ গ্ৰহণ নকৰিলে কোনো ধৰ্মই গতি দিব নোৱাৰে।
নদী পাৰ হৈ গলে নৌকাৰ আৱশ্যক নাথাকে। গুৰুৰ উপদেশ লাভ কৰিব পাৰিলে শাস্ত্ৰৰুপী নৌকাৰ আৱশ্যক নাই। তৃষ্ণাতুৰ প্ৰাণীয়ে জল পান কৰে, জলৰ পৰিবৰ্তে যদি দুগ্ধ খায় তেন্তে জল পানৰ ইচ্ছা নকৰে। সেইদৰে গুৰুৰ ওচৰত পৰমাৰ্থ তত্ত্ব জ্ঞান লাভ কৰিলে সংসাৰত কোনো বস্তুতে তৃপ্তি নাপায়। এতেকে সদগুৰু ওচৰত তত্ত্ব বুজি গুৰুসেৱা কৰিব লাগে আৰু গুৰুস্মৰণত চাৰি গুৰুৰ কথা ভাবিব লাগে। শৰণীয়া সকলৰ ই অপৰিহাৰ্য অংগ।
গুৰু সেইজনহে যিয়ে আন্ধাৰৰ পৰা পোহৰৰ বাট দেখাব পাৰে। গুৰু বুলি কলে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ,চৈতন্য দেৱক বুজো।কিন্তু তাৰে শংকৰ মাধৱদেৱ হৈছে অবতাৰী পুৰুষ । মহাপুৰুষৰ অৰ্থ হৈছে যাৰ মৃত্যু নাই। মহাপুৰুষ বুলিলে নাৰায়ণক বোজো। গুৰুৰ ওচৰত যাব লগা হব কেতিয়া যেতিয়া শৰণৰ জিজ্ঞাসা মনত জাগি উঠিব। শৰণ লবলৈ মন যাব বা লবই লাগিব। বা শৰণ মানে কি তাক জানিবলৈ গুৰুৰ সহায় লাগিব গুৰুৱে হে শৰণ দিব আন বেলেগে নোৱাৰে। গুৰুৰ পৰা শৰণ হৈছে মানে "গুৰু"ৰ ওচৰত গলে তুমি শৰণ পাবা আৰু শৰণৰ বিষয়ে পাবা।

#মাধৱদেৱ

Photos from Bikram das's post 12/08/2025

অনুষ্ঠানৰ মাজত আমিবোৰ💗
হৰিৰ নামৰ স্মৰণ মহিমা
এতিয়া যুগৰ সম্প্রতি
পাপী অজামিলে নাৰায়ণ ডাকিলে
পাইলে কেন সদগতি ।।
#দিহানাম

14/06/2025

মোৰ নতুন মধ্য লয়ৰ দিহাভাগ 🙏❤

Photos from Bikram das's post 13/06/2025

বহুত দিনৰ অন্তত আমি
{ কৃষ্ণচূড়া নামতি দল(মৰিগাঁও) }এ
মৰিপছতীয়া হীৰাগাওঁ মহিলা আৰু যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত দিহানামৰ প্ৰতিযোগিতা প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হলো কৃষ্ণ🙏
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏
জয় কৃষ্ণ🙏

31/05/2025

❤❤জয় জগত গুৰু শ্ৰীমন্ত শংকৰ

29/05/2025

মোৰ নতুন পেজ follow কৰি দিব অনুগ্রহ কৰি 🙏❤

29/05/2025

ভাগৱত পাঠ বঢ়মপুৰ বেজৰচুক নগাওঁ🙏
নতুজ পেজ follow কৰি দিব সকলোৱে ❤

29/05/2025

ভাগৱত পাঠ নগাঁও মাজৰআটি 🙏

24/10/2024

মোহন মুৰুলী ৰাস পৰিচালনা দল মৰিগাঁও

13/10/2024

১২/১১/২০২৪
কৃষ্ণচূড়া নামতি দলৰ অনুষ্ঠান নগাঁও বেঙেনাআটি🙏

Category

Website

Address


Morigaon

Alerts

Be the first to know and let us send you an email when Bikram das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Morigaon.