Jamiat ulama e assam

Jamiat ulama e assam

Share

sosial

09/11/2025

অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী চাহাবৰ নেতৃত্বত ৮ নৱেম্বৰ ২০২৫ তাৰিখ শনিবাৰে হোজাইস্থিত আনফৰ হাউছত ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ সদ্য প্ৰয়াত মাতৃৰ বিয়োগত ৰাজ্যিক জমিয়ত উলামাৰ এটি ১০জনীয়া সঁজাতি দলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাগ্ৰস্ত পৰিয়ালক সমবেদনাৰ সৈতে এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ মৰহুমাৰ সু-পুত্ৰ মৌলানা মুস্তাক আনফৰ চাহাবৰ হাতত অৰ্পন কৰে। সঁজাতি দলটিত সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুৰ ৰশ্বিদ চাহাবৰ লগতে সম্পাদক হজৰত মৌলানা গুলাম হুছেইন চাহাব, সদস্য মৌলানা ৰুহুল আমিন চাহাব, সম্পাদক জানাব ফাইজুৰ ৰহমান চাহাব প্ৰমুখ্যে অইন ৭ গৰাকী ব্যক্তি উপস্থিত আছিল। লগতে মৰহুমাৰ ৰূহৰ মাগফিৰাত ও জান্নাতুল ফিৰদাউছৰ উচ্চ স্থান কামনাৰে মহান আল্লাহৰ ওচৰত সমুহীয়া দোৱা কৰে।
মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী
সাধাৰণ সম্পাদক

Photos from Jamiat ulama e assam's post 02/11/2025

আজি ইংৰাজী ২/১০/২০২৫ তাৰিখ দেওবাৰে ৰাজ্যিক জমিয়ত তথা দ্বিনী তা'লিমী ব'ৰ্ডৰ মাননীয় সভাপতি হজৰত *মৌলানা মুস্তাক আনফৰ* চাহাব আৰু
ৰাজ্যিক দ্বিনী তা'লিমী বোৰ্ডৰ সাধাৰণ সম্পাদক *মৌলানা কলিম উদ্দিন* চাহাবৰ নেতৃত্বত
লখিমপুৰ জিলা দ্বিনী তালিম বৰ্ডৰ উদ্দোগত ,k.b.s আঞ্চলিক দিনী তা'লিমী বোৰ্ডৰ সহযোগত, বছৰেকীয়া পৰীক্ষাৰ পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হয় ।
উক্ত সভাত উপস্থিত থাকে লখিমপুৰ জিলা জমিয়ত উলামা আৰু জিলা দ্বিনী তালিম বোৰ্ডৰ সভাপতি মৌলানা আচগৰ আলি চাহাব, জিলা সহ সম্পাদক,
বাহাৰ উদ্দিন চাহাব, পূৰ্বাঞ্চল আঞ্চলিক দিনী তা'লিমী বোৰ্ডৰ সভাপতি মৌলানা আমজাদ আলী চাহাব আৰু জিলা জমিয়ত, আঞ্চলিক জমিয়ত, আঞ্চলিক দ্বিনী তা'লিমী বোৰ্ডৰ কেবাজনো বিষয়ববীয়া উপস্থিত থাকি সভাক সাফল্য মণ্ডিত কৰি তুলে।লগতে অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ মাতৃৰ মাগফিৰাতৰ বাবে দোৱা কৰা হয়।

Photos from Jamiat ulama e assam's post 27/10/2025

অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি হজৰত *মৌলানা মুস্তাক আনফৰ ছাহাব* আৰু সাধাৰণ সম্পাদক হজৰত মৌলানা আব্দুৰ ৰশ্বিদ কাছিমি চাহাবৰ নিৰ্দেশনাত হাইলাকান্দি জিলা দ্বিনী তালিমী বোৰ্ডৰ উদ্ধোগত দ্বিনী তালিমী বোৰ্ডৰ ৫ দিনীয়া মকতব প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।
উক্ত প্ৰশিক্ষণ শিবিৰত ৮০ জনৰো অধিক বিভিন্ন মকতবৰ শিক্ষকে অংশ গ্ৰহণ কৰে। প্ৰশিক্ষক হিচাবে উপস্থিতিত থাকে মৌলানা আবুল কাদিৰ চাহাব আৰু মূখ্য মেহমান হিচাপে উপস্থিতিত থাকে ৰাজ্যিক দ্বিনী তালীমী বোৰ্ডৰ সাধাৰণ সম্পাদক *মৌলানা কলিম উদ্দিন* চাহাব ।
বিনীত :
শ্বাহ আলম
সভাপতি বজালী জিলা জমিয়ত উলামা ।
২৭ অক্টোবৰ ২০২৫

30/09/2025

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত বিটিচিত বসবাস কৰা সংখ্যালঘু সকলৰ স্বাৰ্থ সন্মূখত ৰাখিয়েই কেন্দ্ৰীয় জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা চৈয়দ আৰ্শ্বাদ মদনী চাহাবৰ অনুমতি সাপেক্ষে আৰু অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ নেতৃত্বত অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা ২০২০ চনত বিটিচিৰ জিলা জমিয়ত উলামা কমিটি সমূহৰ উপস্থিতিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতত ১০ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। তাৰে আধাৰত এইবাৰো মৌলানা আনফৰ চাহাব নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ কাৰ্যকৰী কমিটিয়ে বিপিএফক সমৰ্থন কৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছিল। জমিয়ত লক্ষ্য আৰু উদ্দেশ্য হ'ল ,
বিটিচিত বসবাস কৰা আন আন জনগোষ্ঠী সমূহৰ সমান্তৰালকৈ সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰো যাতে সাব্যস্ত হয়। যিকিনহওক, এইবাৰ বিপিএফ দলে পৰিষদ গঠন কৰিব পৰা পৰ্যাপ্ত আসন লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশাবাদী বি পি এফ চৰকাৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া কথাবোৰ আৰু জমিয়তৰ লগত কৰা প্ৰতিশ্ৰুতিবোৰ পুৰণ কৰিব।

Category

Telephone

Website

Address


Nagaon

Alerts

Be the first to know and let us send you an email when Jamiat ulama e assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nagaon.